Show/Hide Keyboard Layout

গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি

- বিষ্ণুপ্ৰসাদ ৰাভা

গৰীৱ হিয়াৰ অলেখ প্ৰদীপ জ্বালি

কৌটি দুখীয়াৰ তপত ৰুধিৰ ঢালি

পাতে ধনীয়ে দীপালি ।

 

বাহু ব্যথিতৰ হিয়াই হিয়াই

প্ৰলয় নাচন শিখাই শিখাই

তুলি দাবানল দুখ উজ্বলাই

উঠে বিপ্​লব্ জ্বলি

পাতে ধনীয়ে দীপালি ।

 

পীড়িতৰ জ্বালা জ্বলে অবিৰল

দহে চিৰকাল ব্যথাৰে অনল

সেই অগনিত হই জল্ মল্

উঠে দালান উজ্বলি ।

 

কৰি মষিমূৰ হৃদয়ৰ তাপ

আঁতৰাই শত শত অভিশাপ

ছাই কৰে পৃথিৱীৰ মহাপাপ

চিতাত ধনীকে তুলি

জাগে বিশ্ব মৰিশালি ।।

Hits: 4241